Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

কুলি কেতেকীয়ে ইনালে বিনালে

কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে ।
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে ।
মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।
মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।
বিহু মাৰিবলৈ ।
এ কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে
ফাগুনৰ পচোৱায়ে মন উতলাই
পলাশৰ ৰঙা ৰঙে মনটি ৰঙাই
ঢোলৰ মাতে শুনি কোনাবা চেনাই
কেঁচা টোপনি সঘনে ভাঙি যায়
অ’ হেৰ’ ককাই
অ’ ৰাংঢালি বাই
হেৰ’ ককাই
অ’ অ’ ৰাংঢালি বাই
হাতত হাতে মিলাই বিহু মাৰো গৈ,
এ হাতত হাতে মিলাই বিহু মাৰো গৈ ।
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে
নানা জাতি আৰু উপজাতিৰ
এইখন মৰমী আই অসমী ।
মনৰ যত ভেদা-ভেদ পাহৰি
সোণৰ অসমখনি গঢ়িম আমি ।
অ’ বিহুৱা ৰাইজ,
অ’ অ’ অ’ দেশৰে ৰাইজ ।
অ’ বিহুৱা ৰাইজ,
অ’ অ’ অ’ দেশৰে ৰাইজ ।
হে বিহুৰ তলিত আজি শপতে লৈ,
হে বিহুৰ তলিত আজি শপতে লৈ ।
কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে ।
মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।
মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।
বিহু মাৰিবলৈ ।
এ কুলি কেতেকীয়ে ইনালে বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে
কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.