Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

ৰম্ভা, মেনকা কিম্বা যুথিকা

ৰম্ভা, মেনকা কিম্বা যুথিকা
ৰম্ভা, মেনকা কিম্বা যুথিকা
নামবোৰ নাজানো ভাই
হংস গামিনী ইমান ৰমণী
কলিজা ধপে ধপায়
তঁহতৰ লাজ কাজ নাই যা,
গাভৰুক জোকাব নাপায়
সাইলাখ ৰাম হে আমি যেন ৰাৱণ
কৰিছোঁহি সীতা হৰণ
এবাটি গাখীৰত মুখ ধুই আহ গৈ
হনুমান দুয়োজন
এখনি দাপোনত ৰূপ চাই আহগৈ
ইমান সুদৰ্শন
কাৰ্ত্তিক কাষতে পাইছা হাততে
হেৰালে আৰু নাপায়
প্ৰেম প্ৰেম জখলা বগাবলৈ 'বলা
ৰূপহীৰ মনেই নাযায়,
কাৰ্তিক দুটালৈ চায়
ৰম্ভাই নাকেই কোঁচায় ?
ৰিহাৰে মেৰতে চকুহাল পৰোঁতে
হিয়া মোৰ দহিহে যায়
খং খং চাৱনি আৰু যেন শুৱনি
ওঁঠে পিছে মিচিকিয়ায়
বিয়া নাম নোগোৱাঁ নাই
এই, মাত দিলে কিনো ক্ষয় যায় ?
গাভৰু ক্ষেমিবা দায় নধৰিবা
ইহঁতৰ মগজু নাই
হুলাবাৰি এচাৰি ব্যৱহাৰ নকৰি

দিয়া দেই আমাক বিদায়

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.