Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

চিত্ৰলেখা চিত্ৰলেখা

চিত্ৰলেখা চিত্ৰলেখা


চিত্ৰলেখা চিত্ৰলেখা
চিত্ৰ এখন আঁকানা
চিত্ৰপটত চিন্তাশীল এক
চিন্তানায়ক আঁকানা

জনজীৱনৰে
ৰং শুকুলা
মন জীৱনৰে
গভীৰ নীলা
পাত্ৰ দুটি সজাই লোৱাঁ
দুয়োটি ৰং মিলাই লোৱা
তুলিকা তুলি লোৱানা!!
চিত্ৰলেখা চিত্ৰলেখা
চিত্ৰ এখন আঁকা না
চিত্ৰপটত চিন্তাশীল
এক চিন্তানায়ক আঁকা না

এটি দুটি ৰেখাৰে
সাৱধানতাৰে
নয়ন আঁকা দূ্ৰদৰ্শী!
অনাগত দিনৰ
অভিনব পুৱা
সীমা অসীমৰ
সীমা বুজি পোৱা
বক্ষ এখন আঁকি দিয়া
লক্ষজনে লক্ষ্য পোৱাঁ
তুলিকা তুলি লোৱাঁনা।।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.