Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

অ’ মইনা কোন বিধাতাই সাজিলে

অ’ মইনা কোন বিধাতাই সাজিলে

অ’ মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুটি
চমক নীলা বিজুলীৰে, গোলাপ কোমল পাহিটি
এই চমকৰ ভমক লাগি, দহি মৰে মনটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।
ঐ সৈ পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি
কত পাবানো মেলিলে হাত দুখনি
অ’ কত পাবানো মেলিলে হাত দুখনি ।
অ’ মইনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি
এ এ এ এ ...
ঐ হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি
মোৰ মন হাকুটি লগাই পাৰিম এই পূৰ্ণিমাৰ জোনটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।
নন্দন বনত ফুলি আছে ফুল পাৰিজাত
কৃষ্ণ গোঁসাই ৰখি আছে নেমেলিবা হাত
অ’ বনত কৃষ্ণ গোঁসাই ৰখি আছে নেমেলিবা হাত
অ’ মইনা হাত নেমেলো ফুল নিছিঙো, নিছিঙো মই কলিটি
এ এ এ এ ...
ঐ হাত নেমেলো ফুল নিছিঙো, নিছিঙো মই কলিটি
মোৰ প্ৰাণ পখিলাই চুমি যাব এই পাৰিজাত ফুলটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।
চগাৰ পাহি লাহি লাহি এন্ধাৰতে উৰে
বন্তিৰো যে শিখাত পৰি জ্বলি জ্বলি মৰে
অ’ চগা বন্তিৰো যে শিখাত পৰি জ্বলি জ্বলি মৰে
অ’ মইনা নাই পাখি মোৰ উৰিবলৈ নহ’লো মই চগাটি
এ এ এ এ ...
ঐ হয় নাই পাখি মোৰ উৰিবলৈ নহ’লো মই চগাটি
মোৰ প্ৰেম তুলসিৰ তলত জ্বলাম এই সোণৰে বন্তি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি
মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।
তোমাৰ পদুম চকুটি

তোমাৰ পদুম চকুটি ।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.