Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

পকা ধানৰ মাজে মাজে

পকা ধানৰ মাজে মাজে
সৰু সৰু আলি
সৰু সৰু আলি
পকা ধানৰ মাজে মাজে
সৰু সৰু আলি
সৰু সৰু আলি
আলিত পৰি গীত জুৰে
জাক বালিমাহী
সৰু সৰু সৰু আলি
সৰু সৰু আলি
পকা ধানৰ মাজে মাজে
সৰু সৰু আলি
সৰু সৰু আলি


হিম চেঁচা বতাহ আহি
ধান গলে চুমি
দাৱনীয়ে হাতত কাঁচি
খৰাই ললে তুলি
যাওঁ কি নাযাওঁ খোজেৰে
পাওঁ কি নাপাওঁ ভাবেৰে
যাওঁ কি নাযাওঁ খোজেৰে
পাওঁ কি নাপাওঁ
পাওঁ কি নাপাওঁ
পাওঁ কি নাপাওঁ ভাবেৰে
সুৰুকীয়া বাট গলে বুলি
সৰু সৰু আলি
সৰু সৰু আলি
পকা ধানৰ মাজে মাজে
সৰু সৰু আলি
সৰু সৰু আলি

পকা ধানে হালি জালি
দাৱনীক কয় আহা বুলি
দাৱনীয়ে সেঁৱা জনাই
ধানৰ গোছত মাৰে মুঠি
সোণগুটিৰ ভৰত হাতৰ
ধৰে শিৰামূৰি
জাক দাৱনীৰ জিৰনি
গীতে পথাৰ ধৰে জুৰি
সৰু সৰু চৰাইবোৰে
লাজত পলাই উৰা মাৰে
ধান ফালি ফালি
সৰু সৰু আলি
সৰু সৰু আলি
পকা ধানৰ মাজে মাজে
সৰু সৰু আলি
সৰু সৰু আলি

ধানৰ পাতে কাটে
তেজ ডোঙা পাতে
সোণগুটিৰ ভৰত
জোনবিৰিয়া ভাঙে
তেওঁতো আমাৰ দূখ নাই
ধানে হাঁহি হহুৱায়
উলাহেৰে গীত গাঁও
সোণ সফুৰা তুলি তুলি
সৰু সৰু আলি
সৰু সৰু আলি
পকা ধানৰ মাজে মাজে
সৰু সৰু আলি

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.