তোমাৰ
কথা
যেতিয়া
ভাবো
দচকু পানীৰে ভৰে
বিৰিণা বনৰ পাতৰ আগে
এটুপি নিয়ৰ সৰে
তুমি যেন দুৰ দুৰণীত শুনা
ৰিণিকি ৰিণিকি বাঁহী
নিজম ৰাতিৰ সোঁতে সোঁতে
যেন কাষলে আহা ভাহি
হেৰোৱা ফুলৰ সুবাসেৰে
পদুলি উপচি পৰে
তোমাৰ কথা মনত পৰিলেই
বুকুজেন উৰুঙা লাগে
শুকান পাত উৰুৱাই যেন
এচাটি পচোৱা বলে
বৰ অসহায় অসহায়
যেন নিজান মৰুৰ দৰে
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.