Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

এয়াতো নহয়

এয়াতো নহয়
এয়াতো নহয়
অহাৰ সময়
অ' বৰষা কিয় আহিলি ?
গ'ল মধুক্ষণ হ'ল বিফল লগন
আহিবনে কৰবীৰে কৰবী শুৱাই
মন গগণা বজাই ।
কিয়নো বজালি তোৰ
মেঘৰ মাদল
কিয়নো নাচিছ তই হৈ উত্ৰাৱল
যেনেকে হাঁহিছ তেনে হাঁহি দেখা নাই
বুকু চমেচমায় যায় ।
নাজানো মন মালিনী
মোৰে নে বন বননিত
ফুলত ফাগুন ফুলা নাই ।
এইয়াতো নহয় যোৱাৰ সময়
অ' বৰষা কিয়নো গ'লি
গ'ল মধুক্ষণ হ'ল বিফল লগন

আহিবনে ...

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.