মোক এটি সুৰ
কৰি তোলা
মোক এটি সুৰ কৰি
তোলা
মোক এটি সুৰ কৰি
তোলা
তোমাৰ
প্ৰেমেৰে প্ৰেমেৰে
মোক এপাহ হাঁহি কৰি
দিয়া
তোমাৰ
নিবিড় মায়াৰে
মোক এটি সুৰ কৰি
তোলা
ছুই দিয়া মোক ৰূপৰ
কাঠিৰে
ছুই দিয়া মোক সোণৰ
কাঠিৰে
তোমাৰ
মায়াৱী হাতেৰে
অলকানন্দা
আজি বই যায়
জীৱন
মৰুৰ মাজেৰে
আহা বৰষাৰে শ্ৰাৱণৰে
আকাশেৰে
প্ৰতিশ্ৰুতি এটি হৈ
আহা সুগভীৰে সাগৰৰে
লহৰেৰে
আকুলতম গতিকে লৈ
তীৰ দুটি মোৰ উটি
ভাহি যাওঁ
অসীম
জীৱন বন্যাৰে
মোক এপাহ হাঁহি কৰি
দিয়া
তোমাৰ
নিবিড় মায়াৰে
মোক এটি সুৰ কৰি
তোলা
তোমাৰ
প্ৰেমেৰে প্ৰেমেৰে
মোৰ মন কেতিয়াবা
চন্চল
হয়
মন নিজৰাৰ গতি দুৰ্বাৰ
হয়
আবেগৰ
বা লাগি
আবেগৰ
বা লাগি
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.