Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মোৰে দুচকুলে

মোৰে দুচকুলে
চোৱা ঘনে ঘনে
পাইছা জানো মোৰ মন
তোমাৰে লিহিৰী
বনৰে বাতৰি
উমানতে পালো গম
কি যাদু কৰিলা
মোকে মনে মনে
বনজুই জলালা গাত
ফাগুণৰ বতৰে
বনজুই জলালে
দোষ নাই মোৰে গাত
মোৰে দুচকুলে
চোৱা ঘনে ঘনে
পাইছা জানো মোৰ মন
তোমাৰে লিহিৰী
মনৰে বাতৰি
উমানতে পালো গম

সঁচাই ভাল
পোৱাতো মোক
সন্দেহৰ থল কতে
মধুৰ কথাত
সজাতে নাওঁ
প্ৰতিশ্ৰুতি দু চকুতে
সদায় কাষত থাকিবানে
অতিকৈ নদীতে
পানচৈ উটালা
এতিয়া কপিছে মন
মোৰে দুচকুলে
চোৱা ঘনে ঘনে
পাইছা জানো মোৰ মন
তোমাৰে লিহিৰী
মনৰে বাতৰি
উমানতে পালো গম

তোমাক জানো
জীৱনত পাম
নদী বয় সাগৰলে
ময়ো নদী
কৰিছো পণ
স্বাগতম জীৱনলে
বাধাৰ শিলণী
কেনেকৈ যাম
কাইটৰ মাজতহে
পিৰিতিৰ পাপইৰ
গিলিতে সেন্দুৰী ৰং
কি যাদু কৰিলা
মোকে মনে মনে
বনজুই জলালা গাত
ফাগুণৰ বতৰে
বনজুই জলালে
দোষ নাই
আমাৰে গাত
দোষ নাই

আমাৰে গাত

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.