Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মায়াময় ৰূপালী জোনাক

মায়াময় ৰূপালী জোনাক
মায়াময় ৰূপালী জোনাক
ছাঁয়াঘন সৰলৰে পাত
জিৰ্ জিৰ্ জিৰ্ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক
কাবেৰীৰ পাৰে পাৰে
গংগাৰ তীৰে তীৰে
জীৱনৰ পথে পথে
বৰ্ষা শৰততে
যাত্ৰা বিচৰাৰে
তোমাকেই বিচৰাৰে হাঁয়
মায়াময় ৰূপালী জোনাক ...
তুমি অজানা মোৰে
সুগভীৰ সুষমাৰে
তুমিয়ে জানো শান্তি
প্ৰাণৰ আঁতৰে কান্তি
মই যুগ তুষাতুৰে
মৰুভূমিৰ হাঁহাকাৰ লৈ

মায়াময় ৰূপালী জোনাক ...

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.