Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

ও সৰু ভনীটী মূগা ৰিহা পিন্ধিলী

ও সৰু ভনীটী মূগা ৰিহা পিন্ধিলী
লাহটি খোপাতে কপৌ ফুল গুজিলি
দেখি মৰম লাগি যায় হায়
দেখি মৰম লাগি যায়
ও সৰু ভনীটী মূগা ৰিহা পিন্ধিলী
লাহটি খোপাতে কপৌ ফুল গুজিলি
দেখি মৰম লাগি যায় হায়
দেখি মৰম লাগি যায়

মনৰে চাপৰিত কহুৱা ফুলিছে
বৰপথাৰতে ঐ.. পেপাটি বাজিছে
মনৰে চাপৰিত কহুৱা ফুলিছে
বৰপথাৰতে ঐ.. পেপাটি বাজিছে
ঐ লিহিৰি গগনাই তোকে ঐ ৰিঙিয়ায়
ঐ লিহিৰি গগনাই তোকে ঐ ৰিঙিয়ায়
চেনায় ধন চেনায় ধন
তোৰে মান শুৱণী নায়
তোৰে মান শুৱণী নায়

ও সৰু ভনীটী মূগা ৰিহা পিন্ধিলী
লাহটি খোপাতে কপৌ ফুল গুজিলি
দেখি মৰম লাগি যায় হায়
দেখি মৰম লাগি যায়

দুৰ পথাৰতে ঐ ঐ ঐ ঐ ঐ কোনে শিঁঙা পেপা বজালে
কোন নু বিহুৱাই ঐঐঐঐ চেনায়
ৰিঙা ৰিঙা কৰিলে
গড় গয়া নাচনীৰ মন
পাখি লগা গাভৰুৰ মন
গড় গয়া নাচনীৰ মন
পাখি লগা গাভৰুৰ মন
মৰমৰ দিখৌ নৈ
সাতোৰি আহিলো
চেনেহৰ ভোগেদৈ
শিঙৰা মেলিলো
মৰমৰ দিখৌ নৈ
সাতোৰি আহিলো
চেনেহৰ ভোগেদৈ
শিঙৰা মেলিলো

ঐ দিহিঙে দিপাঙে
লৱৰি ফুৰিলো
ঐ দিহিঙে দিপাঙে
লৱৰি ফুৰিলো
চেনাই ধন চেনাই ধন
তথাপি নেপালো তোক
তথাপি নেপালো তোক

ও সৰু ভনীটী মূগা ৰিহা পিন্ধিলী
লাহটি খোপাতে কপৌ ফুল গুজিলি
দেখি মৰম লাগি যায় হায়
দেখি মৰম লাগি যায়

ও ভনী ওওওওও
ও ভনী ওওওওও
ও ভনী ওওওওও

ও ভনী ওওওওও

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.