Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

বহূদিন বকুলৰ গোন্ধ পোৱা নাই

বহূদিন বকুলৰ গোন্ধ পোৱা নাই
বহূদিন বকুলৰ মালা গথা নাই
বকুল তলত বহি বহুদিন বালিঘৰ সজা হোৱা নাই
বহূদিন বকুলৰ গোন্ধ পোৱা নাই
বহূদিন বকুলৰ মালা গথা নাই

বকুলৰ কথা কলেই
বহুতো চিনাকী মূখ
চকুৰ আগেদি ভাহি যায়
বহুতো পাহৰা গান
বহু মান অভিমান
বকুলে দিয়ে সোৱৰাই
আজি ছা চবি যেন
চকুত উজলি মোৰ
আজি ছা চবি যেন
চকুত উজলি মোৰ
থিথাতে লুকায়
বহূদিন বকুলৰ মালা গথা নাই

এমুঠি বকুল ফুল
আঙুলিৰ ফাকেৰে মোৰ
সৰি সৰি যায়
বকুলে আকুল কৰা
দিনৰ সুৰভী মোৰ
মাথো সোৱৰণী হৈ যায়
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
মন কুমলায়

বহূদিন বকুলৰ মালা গথা নাই
বহূদিন বকুলৰ গোন্ধ পোৱা নাই
বহূদিন বকুলৰ মালা গথা নাই
বকুল তলত বহি বহুদিন বালিঘৰ সজা হোৱা নাই
বহূদিন বকুলৰ গোন্ধ পোৱা নাই

বহূদিন বকুলৰ মালা গথা নাই

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.