Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মনৰ বিজুলী নহলে কিয়োনো

মনৰ বিজুলী নহলে কিয়োনো
চকুৰ বিজুলী লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
মনৰ বিজুলী নহলে কিয়োনো
চকুৰ বিজুলী লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে

লাজৰ আঁৰত ডেকা চাঁওনিত
সৰি যদি নপৰিলে
কথাৰ মাজত বুকুৰ মৰম জিলমিল নকৰিলে
লাজৰ আঁৰত ডেকা চাঁওনিত
সৰি যদি নপৰিলে
কথাৰ মাজত বুকুৰ মৰম জিলমিল নকৰিলে
পলাশ শিমলু নুফুলা নুফুলা
ফাগুণ দেখা যেন লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
ফাগুণ দেখা যেন লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
মনৰ বিজুলী নহলে কিয়োনো
চকুৰ বিজুলী লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে

নদীত যদিহে নাথাকে ঢৌ
জোনত যদিহে জোনাক
মৰমী নামেৰে নামাতো নামাতো
যদি নাই অনুৰাগ
নদীত যদিহে নাথাকে ঢৌ
জোনত যদিহে জোনাক
মৰমী নামেৰে নামাতো নামাতো
যদি নাই অনুৰাগ
বুকু দহি যায়
মন মৰি যায়
হিয়া থন থন ভাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
মনৰ বিজুলী নহলে কিয়োনো
চকুৰ বিজুলী লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো
খোপাটি ফুলাম লাগে
হাঁহিৰ ফুলাম নহলে কিয়োনো

খোপাটি ফুলাম লাগে

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.