অসমীৰে
চোতালতে
ৰ’দালিয়ে চেনেহতে
মৰমৰ
ফাকু খেলে
ৰঙতে
নাচে পখিলী
মাতে
মোক হাত বাউলি
মাতে মোক হাত বাউলি ।
মাতে মোক হাত বাউলি ।
নীলা
নীলা পাহাৰতে
ডালিমীয়ে
কথা পাতে
জুৰিটিৰ
কাষতে ৰৈ
হিয়াৰে
বতৰা কৈ
মলয়াত
উৰে চুলি
অ’ মলয়াত উৰে চুলি
মাতে
মোক হাত বাউলি
মাতে
মোক হাত বাউলি ।
ভৈয়ামৰে
পথাৰতে
ৰোৱনী
লখিমীহঁতে
বনগীত
সুৰীয়া তান
হাঁচটিৰ
তামোল খুলি
অ’ হাঁচটিৰ তামোল খুলি
মাতে
মোক হাত বাউলি
মাতে
মোক হাত বাউলি ।
চেনেহৰে
অসমখনি
কত ৰূপৰ জিলিঙনি
সপোনৰ
সুৱদি মাত
হিয়া
মোৰ কৰিলি শাঁত
কিনো
ৰূপে ভুলালি
অ’ কিনো ৰূপে ভুলালি
মাতে
মোক হাত বাউলি
মাতে
মোক হাত বাউলি ।
অসমীৰে
চোতালতে
ৰ’দালিয়ে চেনেহতে
মৰমৰ
ফাকু খেলে
ৰঙতে
নাচে পখিলী
মাতে
মোক হাত বাউলি
মাতে
মোক হাত বাউলি ।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.