Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

শেৱালী পাহিয়ে

শেৱালী পাহিয়ে
কোমল মিচিকি হাঁহিৰে
মাতিলেহি
খিৰিকী মূখতে
দুবৰি বনতে
নিয়ঁৰ মুকুতা মণিৰে
হাঁহিলেহি শাৰদী পুৱাতে
হাঁহিলেহি শাৰদী পুৱাতে

শুকুলা শেৱালী পাহিতে কাৰেনো
মুখনি জিলিকি উঠে
ৰুপালী নিয়ৰত পোনাতে লাঁৱণী
চকুৰে চাঁওনী ফুটে
কিয়োনো আজি হঠাতে
কিয়োনো আজি হঠাতে
শেৱালী পাহিয়ে
কোমল মিচিকি হাঁহিৰে
মাতিলেহি
খিৰিকী মূখতে
মাতিলেহি
খিৰিকী মূখতে

বকুলৰ সুৰভী সনা
ফাগুণৰ সাঁজোটি জানো
আহিনে জানে
নহলে বাৰে বাৰে
শেঁৱালী সুবাসেৰে
নহলে বাৰে বাৰে
শেঁৱালী সুবাসেৰে
কিয়ো সোঁৱৰণী আনে
কিয়ো সোঁৱৰণী আনে
শেৱালী পাহিয়ে
কোমল মিচিকি হাঁহিৰে
মাতিলেহি
খিৰিকী মূখতে
দুবৰি বনতে
নিয়ঁৰ মুকুতা মণিৰে
হাঁহিলেহি শাৰদী পুৱাতে
হাঁহিলেহি শাৰদী পুৱাতে

শেৱালী পাহিয়ে

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.