Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

সোঁৱৰণী কুৱঁলীয়ে

সোঁৱৰণী কুৱঁলীয়ে
চিঞঁৰি চিঞঁৰি কয়
অতীতৰ সীমা-ৰেখা নাই
সমুখতো দেখোঁ আজি
পুৰণিক বাগৰি পৰে
নতুনে মাথোঁ ৰিঙিয়ায়

জীৱনৰ বাটটিত
এৰি অহা খোজবোৰ
নিতে মচে কোন ধুমুহাই
মিছায়ে উভতি চাই
পাহৰা গীতটি গাই
দেহা মোৰ ভাগৰিহে যায়


কিবা যেন বিচাৰি
হেৰুৱালোঁ পৰিচয়
পৰিচিতো আঁতৰিহে যায়
আজিৰ সোঁতত বহি
কালিৰ সপোন দেখি
আশা মোৰ নিতে বাঢ়ি যায়। 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.