সাৰ পাম মই পুৱঁতি নিশাতে
নিয়ৰ
যেতিয়া সৰে
বাটৰ
শুকান ধুলিত সেমেকা যিটো প্ৰহৰে
কৰে
আই মোক জগাবি
আই মোক জগাবি
মই চাবো খোজো হেঙুলী বেলিয়ে
এন্ধাৰ কেনেকৈ নাশে
ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে
কুসুমৰ কাষে কাষে
উদং বতাহৰ বুকু কেনেকৈ
মিঠা সুবাসেৰে ভৰে
সাৰ পাম মই
পুৱঁতি নিশাতে
নিয়ৰ যেতিয়া সৰে
বাটৰ শুকান ধুলিত সেমেকা যিটো প্ৰহৰে কৰে
আই মোক জগাবি
আই মোক জগাবি
জানিবো খোজিচো গোপন মন্ত্ৰ
সৃষ্টিত থকা আই
জানিবো খুজিচো কি
গীত গালো
শূন্য আতৰি যায়
মোৰো মন
আছে ফুলি উঠিবৰ
সূৰ্য্যমূখীৰ দৰে
সাৰ পাম মই
পুৱঁতি নিশাতে
নিয়ৰ যেতিয়া সৰে
বাটৰ শুকান ধুলিত সেমেকা যিটো প্ৰহৰে কৰে
আই মোক জগাবি
আই মোক জগাবি
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.