Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

পৰজনমৰ শুভ লগনত


পৰজনমৰ শুভ লগনত
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা ...
এই জনমৰ কুসুম মালা, যতনে তুমি গাঁঠি ৰাখিলা
এই জনমৰ কুসুম মালা, যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শুন্য মোৰ বুকু যে উকা
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা ...
এই জীৱনৰ আঁউসী ৰাতি, চকুলো টুকি যায়যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাক, হৃদয়তে জিলিকনি নিবিলায়
এই জনমৰ গুপন কথা,
গুপুতে থাকি, দিয়েযে বেথা
এই জনমৰ গুপন কথা,
গুপুতে থাকি, দিয়েযে বেথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াতে অঁকা
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
পৰজনমৰ শুভ লগনত ...

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.