ভৰিৰ তলুৱাৰ
ভৰিৰ
তলুৱাৰ
পৰা যদি ধৰাখন
খহি খহি পৰা যেন
লাগে
তিল তিল কৈ যদি
নিজৰে
ঘৰখন
কৰোবাৰ
দোষতে ভাগে
পুনৰ
গঢ়িবা তুমিহে বান্ধৱ
পুনৰ
গঢ়িবা তুমি
যদি পৰিয়ালে তোমাৰ
সংগ এৰে
তুমি
অকলশৰীয়া হোৱা
যদি সত কাম কৰি
কৰি
সংসাৰ
সজালেও
অপযশ
পদে পদ পোৱা
পুনৰ
সজাবা তুমিহে বান্ধৱ
পুনৰ
সজাবা তুমি
শান্তিক
কৰি লোৱা তোমাৰ গৃহিনী
ধৈৰ্য
হব লাগে পিতৃ
দয়া হব লাগে মৰমী
ভগিনী
ক্ষমা
হব লাগে ধাতৃ
আশা হব লাগে তোমাৰ
সহোদৰ
সংগ্ৰাম
হবগৈ মাতৃ
যদি বিছনাৰ অভাৱত
আকাশৰ
তলতেই
বাগৰি
পৰিব লাগে
যদি পোছাকৰ অভাৱত
সময়ৰ
ৰঙকেই
মেৰিয়াই
লবগৈ লাগে
তাকেই
কৰিবা তুমি হাঁহি মূখে
তাকেই
কৰিবা তুমি
ভৰিৰ
তলুৱা
পৰা যদি ধৰাখন
খহি খহি পৰা যেন
লাগে
তিল তিল কৈ যদি
নিজৰে
ঘৰখন
কৰোবাৰ
দোষতে ভাগে
পুনৰ
গঢ়িবা তুমিহে বান্ধৱ
পুনৰ
গঢ়িবা তুমি
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.