জিলমিল সোণোৱালী
দিন
জিলমিল
সোণোৱালী দিন
সেই দিনবোৰ হ’ল
নে লীন
বিলীন
হ’লো নে
মই - অ’ সময় ।
এই হিচাবৰ তহবিল শূন্য
নাই পাপ, নাই পুণ্য
তথাপিও
ধন্য নহ’লো মই
অ’ সময় সুখময় দুখময়
।
মোৰ অতীত মধুৰ সুমধুৰ
বৰ্তমান
বৰ গধুৰ
ভৱিষ্যত
ভবিতব্য বুলি
গুণী
জ্ঞানী জনে কয়
অ’ সময় নীলিময় ।
সেয়ে,
চিঞৰি চিঞৰি মাতিছো
সুঁৱৰি
সুঁৱৰি দহি দহিছো
এই দহন বৰ জ্বালাময়
অ’ সময় নীলিময় মৃন্ময়
।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.