প্ৰথম
দেখাতেই ভাবিছিলোঁ বহু কথা
কম বুলি নহ’ল
কোৱা
আজিও
নহ’ল কোৱা
।
এতিয়া
যাবৰ হ’ল
আপোন ঘৰলৈ
দূৰলৈ
দূৰলৈ দূৰলৈ ।
প্ৰথম
দেখাতেই ভাবিছিলোঁ বহু কথা
কম বুলি নহ’ল
কোৱা
আজিও
নহ’ল কোৱা
।
পাওঁ
যদি কেতিয়াবা চিনাকি ঘাটত
মইতো
নুফুলা আৰু তোমাৰ বনত
তোমাৰো
যে নাথাকিব উৰণীয়া
মন
মন মোৰ থাকি যাব
সপোন ঘাটত ।
পাওঁ
যদি কেতিয়াবা চিনাকি ঘাটত
মইতো
নুফুলা আৰু তোমাৰ বনত
তোমাৰো
যে নাথাকিব উৰণীয়া
মন
মন মোৰ থাকি যাব
সপোন ঘাটত ।
এতিয়া
যোৱাৰ হ’ল
আপোন ঘৰলৈ
দূৰলৈ
দূৰলৈ দূৰলৈ ।
প্ৰথম
দেখাতেই ভাবিছিলোঁ বহু কথা
কম বুলি নহ’ল
কোৱা
আজিও
নহ’ল কোৱা
।
মনত পৰিবনে সোণালী দিনৰ
এটি দুটি বহু কথা
নিজান পৰৰ
তোমাক
যে পাইছিলোঁ অচিন
ঘাটত
দিছিলোঁ
যে ঠাই মোৰ
হিয়াৰ কাষত ।
মনত পৰিবনে সোণালী দিনৰ
এটি দুটি বহু কথা
নিজান পৰৰ
তোমাক
যে পাইছিলোঁ অচিন
ঘাটত
দিছিলোঁ
যে ঠাই মোৰ
হিয়াৰ কাষত ।
এতিয়া
যোৱাৰ হ’ল
আপোন ঘৰলৈ
দূৰলৈ
দূৰলৈ দূৰলৈ ।
প্ৰথম
দেখাতেই ভাবিছিলোঁ বহু কথা
কম বুলি নহ’ল
কোৱা
আজিও
নহ’ল কোৱা
।
এতিয়া
যাবৰ হ’ল
আপোন ঘৰলৈ
দূৰলৈ
দূৰলৈ দূৰলৈ ।
(প্ৰথম
দেখাতেই ভাবিছিলোঁ বহু কথা
কম বুলি নহ’ল
কোৱা
আজিও
নহ’ল কোৱা
।
আজিও
নহ’ল কোৱা
।
আজিও নহ’ল কোৱা ।)
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.