মই যি বাটেৰে
ওলালো আজি
মই যি বাটেৰে ওলালো
আজি
নাহো
উলটি
মই ন পথেৰে
জ্যোতিৰে পখী
ফুৰো
বিচাৰি
এৰি অহা পথ
এন্ধাৰে
দেখো আৱৰি আছে
আশা ভৰা ৰথ
বিপদে
দেখো আগছি আছে
নাহো
উলটি
কিয় বাৰে বাৰে
ভাগৰে
আহি আমনি কৰে
জ্যোতি
পখীবোৰে
আগলে’
দেখো বাউলি মাতে
মই ন আশাৰে
ফুলনি সাজি
ফুৰো
ওমলি ।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.