Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মৃত্যু সাৱটি সমাধি তলিত

মৃত্যু সাৱটি সমাধি তলিত
অকলে আছোঁহি শুই
এতিয়া পুনৰ আহিছা কিয়
জ্বলাব কলিজাৰ জুই
মৰণ পৰতো আছিলোঁ দেখোন
তোমাৰ বাটকে চাই
তেতিয়া তুমি সময় নেপালা
তোমাৰ আহৰি নাই
মোৰ মৃতদেহ বগা কাপোৰেৰে
কোনোবাই ঢাকি দিলে
আন কোনোবাই গঙ্গা জ্বলেৰে
দেহাটি তিয়াই দিলে
নিশ্চয় তুমি তেতিয়া আছিলা
আনৰ মৰম চুই
মই আছিলোঁ ক্ষণ গণি গণি
আশাৰ বৃক্ষ ৰুই
চিৰশান্তিৰ কোলাত আজি
পালোঁ মোৰ বিচৰা ঠাই
তুমি কিয় বাৰু এতিয়াও মোক
জোকাবলৈ এৰা নাই
জীৱন পাৰৰ কাহিনী সামৰি
তুমি কিয় যোৱা নাই
জীয়া মায়াৰ বান্ধ খুলি লোঁ
মৰণ প্ৰেয়সীক পাই
নোজোকাবা মোক মিছা হাঁহি মাৰি
ভাল পাওঁ বুলি কৈ
এতিয়াতো পাৰ বতো নোৱাৰোঁ

অসীম মৰণ লৈ

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.