Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

মনৰ নিজানত জোনাক আছিলে

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনী
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা লৈ বুকুভৰা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনী
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা লৈ বুকুভৰা

হিদয়ে আবেগক নোৱাৰে সহিব
চকুলো বাগৰে নীৰৱে
কিমান সাবতিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ
উৰে নিশা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ

জীৱন সুৰভী তোমাৰ মাজতে
আছিলে অকলে নীৰৱে
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে
মৰুবোৰ মায়া হৈ নাহিবা বুকূলৈ মোৰ মিচাকৈয়ে
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনী
নীলিমাৰ মাজতো নাথাকা যে তুমি

নাহিবা বেদনা লৈ বুকুভৰা

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.