Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

তুমি মোৰ কল্পনা

তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা
তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা
দচকুৰে মৰম সিচি
সেউজীয়া সপোন আনি
সজালাহি হিয়াখনি
তুমিয়েই আজি ..........

তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা
তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা

মনে মনে আহি
কিয়ো গলা এৰি
কোমল খোজৰ চবিত
মোৰ মন বননিতে
দুটি পাখি মেলি
উৰে মন পখী
তোমাৰ মৰম ছায়া
এটি পল জিৰাবলে
দিবানে বুকুৰে চেনেহ একাজলি
লবানে তুমিয়েই মোক আপোন কৰি
তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা

তোমাৰ কথা ভাবি
উজাগৰী ৰাতি
নিশাৰ আন্ধাৰেৰে
থাকো কথা পাতি
হিয়াৰ মৰমখিনি
তোমাৰ বাবেই বুলি
ৰাখিলো যতনে
তুমিয়েই নিবা বুলি
লবানে বুকুৰে চেনেহ একাজলী
দিবানে তোমাকেই মোৰ আপোন কৰি

তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা

তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা
দচকুৰে মৰম সিচি
সেউজীয়া সপোন আনি
সজালাহি হিয়াখনি
তুমিয়েই আজি ..........

তুমি মোৰ কল্পনা
তুমি মোৰ বাসনা
তুমি মোৰ কল্পনা

তুমি মোৰ বাসনা

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.