Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

জোন জ্বলে, তৰা জ্বলে,




জোন জ্বলে, তৰা জ্বলে,

জোন জ্বলে, তৰা জ্বলে,
নিশা জ্বলে বেদনাতে ।
জোন জ্বলে, তৰা জ্বলে,
নিশা জ্বলে বেদনাতে ।
জানো তুমি আহিবা ঘূৰি
তথাপিতো মনে নেমানে বুজনি ।
জানো তুমি আহিবা ঘূৰি
তথাপিতো মনে নেমানে বুজনি ।
জোন জ্বলে, তৰা জ্বলে,
নিশা জ্বলে বেদনাতে ।
জিৰি জিৰি বৈ যোৱা জুৰিৰ দৰে,
হালি জালি নাচি থকা ফুলৰ দৰে ।
জিৰি জিৰি বৈ যোৱা জুৰিৰ দৰে,
হালি জালি নাচি থকা ফুলৰ দৰে ।
তুমি যে আছিলা মোৰ শৰতৰে আকাশত
শেৱালি কোমল এটি জোন হৈ,
মৌ সৰা এটি সুৰ হৈ,
শেৱালি কোমল এটি জোন হৈ,
মৌ সৰা এটি সুৰ হৈ ।
জানো তুমি আহিবা ঘূৰি
তথাপিতো মনে নেমানে বুজনি ।
জানো তুমি আহিবা ঘূৰি
তথাপিতো মনে নেমানে বুজনি ।
জোন জ্বলে, তৰা জ্বলে,
নিশা জ্বলে বেদনাতে ।
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ দৰে,
দূৰে দূৰে বৈ থকা নদীৰ দৰে ।
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ দৰে,
দূৰে দূৰে বৈ থকা নদীৰ দৰে ।
তুমি যে থাকিবা মোৰ জীৱনৰে আকাশত
স্মৃতিৰে এমুঠি তৰালি হৈ,
কুঁৱলী সনা গধূলি হৈ ।
স্মৃতিৰে এমুঠি তৰালি হৈ,
কুঁৱলী সনা গধূলি হৈ ।
জানো তুমি আহিবা ঘূৰি
তথাপিতো মনে নেমানে বুজনি ।
জানো তুমি আহিবা ঘূৰি
তথাপিতো মনে নেমানে বুজনি ।
জোন জ্বলে, তৰা জ্বলে,
নিশা জ্বলে বেদনাতে ।
জোন জ্বলে, তৰা জ্বলে,
নিশা জ্বলে বেদনাতে ।
জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.