যদি
কাহানিবা
সুৰবোৰ
শেষ হয়
এই সৃষ্টিৰ দুপৰ বেলাত
হে সুৰকাৰ কিহেৰে সজাবা
পৃথিৱীৰ সুৰৰ মেলাত
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
যদি কেতিয়াবা ভাষাবোৰ শেষ হয়
নাওঁ মেলোতেই ভাপ সাগৰৰ
হে কবি তুমি কিহেৰে সুজিবা
কবিতাৰাণীক মৰতৰ
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
আৰু যদি দেখা ৰংবোৰ শেষ হয়
আধা আকোতেই ছবিখনিত
হে শিল্পী কিদৰে আকিবা
আধা অকা ছবিখনিক
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
যদি আশাবোৰ নিৰাশাত লীন হয়
জীৱনৰ প্ৰথম পুঁৱাতেই
আৰু ধুমুহাৰ সৃষ্টিত শেষ হয়
ফুলপাহি আধা ফুলোতেই
হে বন্ধু পাৰিবাজানো
বাধা দিবো সৃষ্টিনাশিনীক
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
যদি মই
প্ৰশ্ণ কৰো
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.