Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

জিলমিল জোঁন জ্বলে কপালত

জিলমিল জোঁন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড়মৰমত
জিলমিল জোঁন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত

তোমাৰ ওৰণী আঁৰত
উচুপে উদাসী চকু
তোমাৰ ওৰণী আঁৰত
উচুপে উদাসী চকু
তোমৰে ৰিহাৰে আঁৰত
কপিছে মৰমী বুকু
তোমাৰ সপোন ইমান আপোন
তোমাৰ সপোন
ইমান আপোন
উজাগৰী নয়নত
তোমাৰে নিবিড় মৰমত
জিলমিল জোঁন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত
জিলমিল জোঁন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত

মোৰ তুলসী তলত
জ্বলাবা এগছি চাঁকি
মোৰ তুলসী তলত
জ্বলাবা এগছি চাঁকি
মোৰ এই বুকুৰ মাজত
উজাগৰে ৰবা ৰাতি
পাখি মেলিলা সোণ পখিলা
পাখি মেলিলা সোণ পখিলা
মোৰ এই জীৱন বনত
তোমাৰে নিবিড় মৰমত
জিলমিল জোঁন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত
মোৰো যে হৃদয় জ্বলে
তোমাৰে নিবিড় মৰমত
জিলমিল জোঁন জ্বলে কপালত
তিৰবিৰ তৰা জ্বলে নয়নত

মোৰো যে হৃদয় জ্বলে

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.