Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

লুইতৰ বলিয়া বান

লুইতৰ বলিয়া বান
তই ʼলৈনো ঢাপলি মেলিছ ?
হিৰ হিৰ শৱদে কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?

লুইতৰ বুকু হেনো বাম হৈ ʼ
গভীৰতা হেনো কিছু নোহোৱা ʼ
বান তই সেয়ে হেনো অলিয়া বলিয়া হৈ
দুয়ো পাৰে উপচি পৰিছ ।।

বান তই টিঘিল নিঘিলাবি
আশাৰে কঠিয়া নুটুৱাবি
শিশুবধ ভাওনা নাপাতিবি
ঘৰৰে চালতে শগুণক বহুৱাই
মৰণৰ সবাহ নাপাতিবি !

পানীৰ পাৰতে জনম আমাৰ
পানীয়েই পিতৃ শক্তি আমাৰ
সেই শক্তিৰেই বানক ৰুধিম
সহস্ৰ হাতেৰে দুপাৰ বান্ধিম ;
তোৰ এই শক্তিক কাঢ়ি কাঢ়ি আনি
তোকেই মোৰ ভৃত্য কৰিম ।।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.