Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

কাজল লতা তোমাৰে নাম

কাজল লতা তোমাৰে নাম
কাজল লতা তোমাৰে নাম শীতলতা নায়
কাজল সনা দুচকুৰে জুই ছটিয়ায় জুই ছটিয়ায়
কাজল লতা তোমাৰে নাম শীতলতা নায়
কাজল সনা দুচকুৰে জুই ছটিয়ায় জুই ছটিয়ায়
খোজত বোলে পদুম ফুলে
নাই দেখা নাই
খোজত বোলে পদুম ফুলে
নাই দেখা নাই
আচলৰে বায় মাথো মন উৰুৱায়
শুকান পাতত সৰে দেখো হওঁ অসহায়
কাজল সনা দুচকুৰে জুই ছটিয়ায় জুই ছটিয়ায়
কাজল লতা তোমাৰে নাম শীতলতা নায়
কাজল সনা দুচকুৰে জুই ছটিয়ায় জুই ছটিয়ায়
কথাত বোলে বৰশে মৌ
নায় শুনা নায়
প্ৰাণৰ ভাষাক ছাগে আজি তুমি শিকা নাই
কথাত বোলে বৰশে মৌ
নায় শুনা নায়
প্ৰাণৰ ভাষাক ছাগে আজি তুমি শিকা নাই
মৰমেৰে বতৰা দিম আছো নিৰুপায়
কাজল সনা দুচকুৰে জুই ছটিয়ায় জুই ছটিয়ায়


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.