Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

ৰম্ভা মেনকা

ৰম্ভা মেনকা
কিম্বা জুতিকা
নামবোৰ নাজানো ভাই
হংস গামিনী
কলিজা ধপেধপায়

তহতৰ লাজ কাজ
নাই যা
গাভৰুক জোকাব নেপায়
সাইলাখ ৰামহে
আমিযেন ৰাৱণ
কৰিছোহি সীতা হৰণ
এবাটি গাখীৰত
মূখ ধুই আহাগৈ
যোৰা হনুমান দয়োজন
এখনি দাপোনত
মুখ চাই আহাগৈ
কিমান সু দৰ্শণ

কাৰ্তিক কাষতে
পাইছা হাততে
হেৰালে আৰু নেপায়
প্ৰেম প্ৰেম জখলা
বগাবলে হবলা
ৰুপহীৰ মনেই নেযাই
কাৰ্তিক দুটালৈ চাই
ৰম্ভাই নাকেই কোচায়

ৰিহা হাল মেৰোতে
চকুহাল পৰোতে
হিয়া মোৰ দহিহে যায়
খং খং চাঁওনী
আৰু যেন শুৱনী
ওঠে পিছে মিচিকিয়ায়
বিয়া নাম নগোৱা নাই
মাত দিলে কিনো
ক্ষয় যায়
গাভৰু ক্ষেমিবা
দায় ধৰিবা
ইহতৰ মগজু নায়
ধুলাবাৰী এচাৰী
ব্যবহাৰ নকৰি
দিয়া দেই আমাক বিদায়

দিয়া দেই আমাক বিদায়

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.