Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

আনৰ কাৰণে জীৱন

আনৰ কাৰণে জীৱন
আনৰ কাৰণে জীৱন শলিতা
কিমান জ্বলাবা আৰু
আৰু কিমান বাকী আছে ।
আনৰ কাৰণে কলিজাৰ তেজ
কিমান ঢালিবা আৰু
আৰু কিমান বাকী আছে ।
নিজৰ কাৰণে ভাবিবলে’ আহৰি
নাই নাই নাই তোমাৰ
সোঁৱৰালোঁ শতবাৰ
প্ৰতি উষা শোণিতেৰে
কত পট আঁকা
সেই পটে তোমাকে, নিঃশেষ কৰি নাচে ।
আনৰ কাৰণে কলিজাৰ ৰং
কিমান ঢালিবা আৰু

আৰু কিমান বাকী আছে ।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.