Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

কৃষ্ণচূড়া, কৃষ্ণচূড়া

কৃষ্ণচূড়া, কৃষ্ণচূড়া
কৃষ্ণচূড়া, কৃষ্ণচূড়া
কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ
ৰঙেৰে মোৰ জীৱন
এবাৰ ৰঙাই তোলা ।
মোৰ জীৱনৰ বকুল বনৰ
ফুল সৰি সৰি গ’ল
মোৰ যে মনৰ শিমলু তুলা
উৰি উৰি নুৰা হ’ল ।
কেতেকী তোমাৰ বিননি
আৰু নুশুনাবা
এজাৰ তোমাৰ ব্যথাৰে জীৱন
নোবোলাবা ।
নিদাঘৰ দাহে শুকালে যি
নৈৰ ধাৰা
বৰষা তোমাৰ দানেৰে
আকো উপচাই দিয়া
কোনোবা খিনিত কি যে হেৰুৱালো

সি কথা মনত নেপেলাবা ।।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.