কঁহূৱা
বন
মোৰ
অশান্ত
মন
আলফুল হাতেৰে লোৱা সাৱটি
অ এটি এটি খণ
যেন মুকুটাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি
নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি
নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি
এ এটি এটি খণ
যেন এটি এটি পণ
এনেয়ে হেৰুৱালে নাহে উভতি
পুঁৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলো সেই খণটি
অনন্ত সময়ৰ সাগৰখনিৰ
চন্চল কোলাহলে ভাঙে ঘুমটি
অ বলিয়া মন
কিয় উচাটন
কালিৰ সুৰুযে আনি দিব পুৱাটি
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.