নাহৰ
ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব ।
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব ।
কপৌ ফুলে নুশুৱায়
(যদি)
ঘিলা খোপাতে তোৰ,
হিয়া
ফুল পাৰি দিম
(গুজি)
খোপাতে মনোহৰ ।
মহাযানৰ
সিঁচি আনিম
সাত মাণিকৰ ধন ।
মেঘৰ
বুকু ফালি চিঙিম
বিজুলী
ফুল শুৱণ,
মাণিক
ফ৩লে নুশুৱায়
(যদি)
সাতসৰীতে তোৰ
(হিয়া)
ফালি উলিয়াই পিন্ধাম
তেজাল
পোৱালমণি মোৰ ।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.