Featured Post

পাতনি

অসমীয়া গীতৰ কথা সংগ্ৰহ

Wednesday, October 19, 2016

যি মৰম সাঁচিছিলো মনতে.......


যি মৰম সাঁচিছিলো মনতে
যি মৰম সাঁচিছিলো মনতে
তুমি আহি লৈ লা
অজানিতে মনে মনে
যি সপোন ৰঁচিছিলো গোপনে
তুমি আহি সানি দিলা
তাতে ৰং দিঠকৰে
অজানিতে মনে মনে
অজানিতে মনে মনে

লাজ সনা তোমাৰ মিঠা চাঁৱনিয়ে
তৰা জোন আঁকি দিলে, উকামন আকাশতে
বা লাগি নাচি উঠে চুলিতাঁৰি
লুকাই থলো ছবিখনি হৃদয়ৰ দাপোণতে
নিয়ৰ সনা গোলাপ পাহি তোমাৰ যেন পৰশ লাহি
তুলি ললো আলফুলে
চেনেহ বুলি উমানতে
অজানিতে মনে মনে
যি মৰম সাঁচিছিলো মনতে
তুমি আহি লৈ লা
অজানিতে মনে মনে
যি সপোন ৰঁচিছিলো গোপনে
তুমি আহি সানি দিলা
তাতে ৰং দিঠকৰে
অজানিতে মনে মনে
অজানিতে মনে মনে

দেখা দিলা যেতিয়া প্ৰথমদিনা,
ফুলে পাতে সকলোতে
দেখা পাওঁ তোমাকে
অবুজ মনে একোতেই নেমানে যে
গীতৰে সুৰেৰে কথা কয় তোমাৰে
জোন গলা সন্ধিয়াতে
নিয়ৰ পৰা সৰা পাতে
তোমাৰ মোৰে কথা পাতে
নিজানত আঁৰে আঁৰে

অজানিতে মনে মনে ...